NE Digital Portal

Contact at nedigitalportal@gmail.com

SpaceX Starlink satellite ৰ গতিবিধি দেখা পোৱা গল কামৰূপ(ৰ)-ত

Facebook
Twitter
LinkedIn
WhatsApp

সন্ধিয়া ৭ মান বজাত ফোন এটা আহিল। মই শ্ৰেণীকোঠাত। ফোনৰ সিফালৰ পৰা ৰূপম ( Rupam Rajkhowa ) ছাৰে ক’লে জোনবাইৰ কাষেৰে তৰাৰ দৰে দেখাত আচহুৱা বস্তু কেইটা মান গৈ আছে। অতি উৎসুক ভাৱে তেখেতে সোধে, কি এই কেইটা? অৱশ্যে গছ গছনি থকাৰ বাবে মই বাহিৰলৈ আহিও নেদেখিলোঁ, কিন্তু সেইকেইটা কি আছিল নিশ্চিত আছিলোঁ। ছাৰক সেয়া ক’লো। পিছে অলপ আগতে বাতৰিৰ হৰফ এটা অলপ ভুলকৈ দেখি ভাৱিলো কথাটো যি সকলে নাজানে, সেই সকলক জনোৱা ভাল হ’ব।
ইলন মাস্ক Elon Mask ক চিনি পায় নে বাৰু? Tesla, SpaceX, Twitter আদিৰ বাবে তেখেত বিখ্যাত। মানে তেখেত সেইবোৰৰ মালিক। তেখেত StarLink নামৰ এলানি কৃত্ৰিম উপগ্ৰহৰো মালিক। তেখেতে জন্ম দিয়া SpaceX সংস্থাটোৱে উপগ্ৰহৰ দ্বাৰা অতি উচ্চ মানৰ দ্ৰুত ইন্টাৰনেট সেৱা বিশ্বত আগবঢ়োৱাৰ বাবে চেষ্টা চলায় আছে। বৰ্তমান বিশ্বত ৫৪ খন দেশৰ ১•৫ মিলিয়ন গ্ৰাহকে এই সেৱা লাভ কৰি আছে। সেই উদ্দেশ্যেই ২০১৯ চনৰ পৰা তেওঁলোকে লানি লানি কৈ কৃত্ৰিম উপগ্ৰহ তৈয়াৰ কৰি মহাকাশৰ কক্ষপথত সংস্থাপন কৰি আছে (Low earth orbit – LEO) । এনে উপগ্ৰহ প্ৰায় ৪০০০ টা (চাৰি হাজাৰ) টা আকাশত উৰি আছে। অনাগত সময়ত এই উপগ্ৰহ সমূহে মোবাইল ফোনৰ নেটৱৰ্কৰ বাবেও কাম কৰিব। এই সমূহৰ উজ্জ্বলতা বহুত বেছি বাবে, মাজতে তেওঁলোকে উজ্জ্বলতা কমাইছিল। আপোনালোকে আজি তাৰে কেইটামান একে লগে দেখিছিল। এইবোৰ এনেকৈয়ে লানি লানি কৈ মুকুতাৰ মালাৰ দৰে দেখা যায়। আমি কেইবাবাৰো দেখিছো আৰু ফটো লৈছো। বাতৰিটোত ঘোষক গৰাকীয়ে কোৱা বা লিখাৰ দৰে, সেয়া গ্ৰহাণু বা Asteroid নহয়। গ্ৰহাণুৱে তেনেকৈ গতি কৰা আমি নেদেখিম। গ্ৰহাণুক পপীয়া তৰাৰ ৰূপত কেতিয়াবা দেখিব। ইয়াত আতংকিত হ’ব লগা কথাও একো নাই। বাতৰিটো পৰিৱেশন কৰোতে ব্যৱহাৰ হোৱা আতংকিত স্বৰটোৱেহে আতংকিত কৰিব। বাতৰি পৰিৱেশন কৰা সকলে এনে ঘটনাৰ খবৰ পালে, যোৰহাট তাৰকাগৃহ, গুৱাহাটী তাৰকাগৃহ, তেজপুৰ বিশ্ববিদ্যালয়, অসমৰ অন্যান্য বিজ্ঞ ব্যক্তি সকল বা আমাকো যোগাযোগ কৰিব পাৰিব। অন্ততঃ আতংকিত নহ’ব

 

-নৱদ্বীপ শইকীয়া