NE Digital Portal

Contact at nedigitalportal@gmail.com

The 575th birth anniversary of Srimanta Sankardeva was celebrated in South Assam today

Facebook
Twitter
LinkedIn
WhatsApp

সমগ্ৰ নামনী অসমত আজি নাম প্ৰসংগৰে মুখৰিত হল শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ আৱিৰ্ভাৱ তিথি।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ তিথি আজি সমগ্ৰ ৰাজ্য খনৰ লগতে নামনী অসমতো বঙাইগাঁও, বৰপেটা,বাক্সা,চিৰাং,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলা সমূহত নামঘৰ,সত্ৰ আৰু ৰাজহুৱা স্থানত মুখৰিত হল নাম প্ৰসংগ ,দিহানাম,ভাগৱত পাঠ আদিৰে। প্ৰাপ্ত তথ্যমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ অন্তৰ্গত দোলাইগাঁও ,জ্যোতিনগৰ ,স্বৰ্গীয় অনিল পাঠক ,ৰামগড়, চুকানী আদি প্ৰাথমিক শাখাত ৰাতিপুৱা পৰিৱেশ নিকাকৰণ কৰাৰ পিছত নাম প্ৰসংগ ,ধৰ্ম ধবজা উত্তোলন ,ঘোষনাম,আইনাম আৰু ভাগৱত পাঠ আদি অনুষ্ঠিত কৰে।একেদৰে ইয়াৰে সত্ৰ সমূহতো অনুৰূপ নাম প্ৰসংগ আদি পালিত হয় বুলি বাতৰিটোত প্ৰকাশ।একেদৰে ধুবুৰী দুমৰদহৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰকল্পতো পালিত হয় উক্ত শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।